@BhagawatiKr ছাৰে কোৱাৰ দৰে দিনত দুখনমান অসম বুৰঞ্জীৰ কিতাপ পঢ়িলো । এই গোটেই কথাৰ আৰম্ভ হ& #39;ল ৰামৰ পুত্ৰ কুশৰ বংশধৰ ৰামসিংহৰ পৰা । এই ৰামসিংহৰ বাবেই মোগলৰ কবলত থকা
শিৱাজীয়ে আগ্ৰাৰ পৰা পলায়ন কৰিবলৈ সক্ষম হৈছিল আৰু তেওঁক অসমলৈ ঔৰংজেৱে শাস্তিমুলকভাৱে যুদ্ধ কৰিবলৈ পঠিয়াইছিল ।1/n
শিৱাজীয়ে আগ্ৰাৰ পৰা পলায়ন কৰিবলৈ সক্ষম হৈছিল আৰু তেওঁক অসমলৈ ঔৰংজেৱে শাস্তিমুলকভাৱে যুদ্ধ কৰিবলৈ পঠিয়াইছিল ।1/n
মোগল বাদশ্বাহে মীৰজুমলাৰ অসম আক্ৰমণৰ সময়তে জানিছিল যে অসমৰ হাৱা-পানী বিদেশীৰ বাবে বিষাক্ত, জীৱন সংহাৰক, মানুহবোৰ যাদুকৰী, তন্ত্ৰ মন্ত্ৰত পাকৈত । তেওঁ ধাৰণা কৰিছিল যে অসমেই ৰামসিংহৰ সমাধিস্থলী হ& #39;ব (deathtrap) । ৰামসিংহৰ লগত আহিলা-পাতি আৰু নাও তাকৰকৈ দিছিল ।
2/n
2/n
দুৰণিৰ কোনো যুদ্ধৰ মুখ্য দায়িত্ব হিন্দুৰ হ& #39;লে এজন মুছলমান সেনাপতি পঠোৱা বাদশ্বাহৰ নিয়ম আছিল । অৱশ্যে মীৰজুমলাৰ লগত অসমলৈ অহা প্ৰবল প্ৰতাপী সেনাপতি দিলেৰ-খাৰ সলনি ৰামসিংহৰ লগত বাদশ্বাহে পঠিয়াইছিল ৰছিদ-খাক যি আহোমৰ লগত গোপনে মিতিৰালিও কৰিছিল ।
3/n
3/n
গতিকে বৈষ্ণৱ ৰামসিংহ মোগলৰ অধিনায়ক হৈ আহিছিল যদিও, তেওঁ যে ঔৰংজেৱৰ পুতলা-ভৃত্যহে আছিল সেইয়া আহোম স্বৰ্গদেৱে নিজেই কৈছিল ।
ইফালে অসমীয়া সৈনিকৰ ওপৰতো হিন্দু ধৰ্মৰ প্ৰভাৱ ব্যাপক আছিল -১৬৬৭ খ্ৰীষ্টাব্দৰ বাৰিষাত হোৱা যুদ্ধৰ আৰম্ভণিতে হিন্দু প্ৰথামতে প্ৰথমে পূজা পাতল হৈছিল । 4/n
ইফালে অসমীয়া সৈনিকৰ ওপৰতো হিন্দু ধৰ্মৰ প্ৰভাৱ ব্যাপক আছিল -১৬৬৭ খ্ৰীষ্টাব্দৰ বাৰিষাত হোৱা যুদ্ধৰ আৰম্ভণিতে হিন্দু প্ৰথামতে প্ৰথমে পূজা পাতল হৈছিল । 4/n
ৰামসিংহই পিছলৈ এইবোৰ জানিছিল বাবেই চল-চাতুৰি কৰি অসমীয়া কটকীক ভোলাবলৈ কৈছিল, "... যদি ইয়াতকৈ বেছি খোজো, মহালক্ষ্মীয়ে মোক এৰিব আৰু চৈধ্য পুৰুষ নৰকত পৰিব । যদি মোৰ কথাত সঞ্জাত নহয়, মাধৱ গোঁসাইৰ মন্দিৰলৈ গৈ শপত খাব ৰাজি আছো " ।
5/n
5/n
অসম সেনাইও ৰামসিংহ হিন্দু বুলি যোগাযোগৰ বাবে তেওঁৰ ওচৰলৈ ব্ৰাহ্মণ কটকী পঠাইছিল কাৰণ প্ৰবাদ আছিল যে ব্ৰাহ্মণে মিছা কথা নকয় । ইয়াৰ উপৰিও অসম সেনাই মোগল সৈন্যক হতচকিত কৰিবলৈ কাড়ী আৰু হিলৈধাৰীৰ লগত ব্ৰাহ্মণৰ সাজ-পাৰ পিন্ধাই সৈন্য বাহিনীক থিয় কৰাই আগত থৈ দিছিল ।
6/n
6/n
ইফালে লাচিত বৰফুকনে জ্যোতিষ শাস্ত্ৰত বিশ্বাস কৰিছিল । এবাৰ সৈনিকসকল পিছত ৰৈ থকাৰ পিছতো আক্ৰমণৰ বাবে আগবঢ়া নাছিল কাৰণ গণক অচ্যুতানন্দ দলৈয়ে বাধা দিছিল । ৰামে ৰাৱনক মৰাৰ শুভক্ষণতেই শত্ৰুক খেদি যাব লাগে বুলি দিয়া উপদেশ তেওঁ মানিছিল আৰু সেইমতে আক্ৰমণ কৰিছিল ।
7/n
7/n
অসম-মোগলৰ যুদ্ধক এক হিন্দু-মুছলিমৰ যুদ্ধ বুলিব নোৱাৰো কাৰণ দুয়োফালে মিশ্ৰিত ধৰ্মৰ লোক আছিল - কিন্তু এটা ফৈদ যে হিন্দু অধ্যুষিত আৰু আনটো ফৈদ যে মুছলমান অধ্যুষিত আছিল সেইয়া নিশ্চিত । ৰণত অসমৰ পৰাজয় হোৱা হ& #39;লে অৱশ্যে বৈষ্ণৱ জাগৰণ বা বৈষ্ণৱ সাহিত্যৰ বিকাশৰ ইতি পৰিলেহেতেন ।
8/n
8/n
লাচিত বৰফুকনৰ নেতৃত্বত অসমীয়া সৈনিকে দেখুওৱা বীৰত্ব সৰ্বজনবিদিত । কিন্তু সমসাময়িক ধাৰ্মিক ব্যৱস্থা প্ৰণালী আৰু প্ৰভাৱৰ বিষয়ে হয়তো আৰু অধিক চৰ্চাৰ প্ৰয়োজন । কথাখিনি বুৰঞ্জীৰ juvenile হিচাপে যি পঢ়ি বুজিলো, লিখিলো । কিবা ভুল হ& #39;লে আঙুলিয়াই দিয়ে যেন । @bora_dimpy @Nilimsenapati